Talk to Sales

Benchmarks

View scores and output across OCR models spanning many document categories.

Want to run these evals on your own documents?

Talk to Sales
Page 1
  1. ৩. উত্তৰ শংকৰীযুগ (১৭০০-১৮২৬)
  2. গ) আধুনিক যুগ (১৮২৬-আশী দশক)
    1. ১. প্ৰাক্ ৰোমান্টিক (১৮২৬-১৮৮৮)
    2. ২. ৰোমান্টিক (১৮৮৯-১৯৪০)
    3. ৩. যুদ্ধোত্তৰ যুগ (১৯৪১-৮০ দশক)
  3. ঘ) সাম্প্রতিক যুগ (৮০ দশকৰ পৰা বৰ্তমানলৈকে)

প্ৰত্ন অসমীয়া যুগৰ কবিতাৰ ভিতৰত চৰ্যাপদ, বড়ু চণ্ডীদাসৰ 'শ্রীকৃষ্ণ কীৰ্তন', ৰমাই পণ্ডিতৰ 'শূন্য পুৰাণ' আদি উল্লেখযোগ্য।

মধ্য যুগৰ প্ৰথমটো স্তৰ হৈছে প্ৰাক্ শংকৰীযুগ। এই স্তৰৰ পাঁচোজন কবি ক্ৰমে হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলি, হৰিবৰ বিপ্ৰ আৰু মাধৱ কন্দলি। উল্লেখযোগ্য কথা যে, হেম সৰস্বতীৰ 'প্ৰহ্লাদ চৰিত্ৰ' প্ৰথম অসমীয়া কাব্য পুথি।

শংকৰীযুগৰ কবিতাৰ ভিতৰত শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীত, ভটি, টোটয়, চপয়, কাব্য উল্লেখযোগ্য। এওঁলোকৰ উপৰি ৰাম সৰস্বতী, অনন্ত কন্দলি, সার্বভৌম ভট্টাচাৰ্য, কংসাৰি কায়স্থ, শ্রীধৰ কন্দলি, ৰত্নাকৰ কন্দলি, ৰত্নাকৰ মিশ্র, নাৰায়ণ দাস, চান্দসাই, হৰিদেৱ আৰু পাঁচালী কাব্যৰ ৰচক মনকৰ, দূৰ্গাবৰ, পিতাম্বৰ, সুকবি নাৰায়ণ দেৱৰ নাম অন্যতম।

উত্তৰ শংকৰী যুগত ভাগৱত আচার্য, গোপাল মিশ্র, গোপীনাথ পাঠক, ৰঘুনাথ মহন্ত, গোপাল চৰণ দ্বিজ, দৈত্যাৰি ঠাকুৰ আদিৰ নাম ল'বলগীয়া। এই সময়ত ব্রহ্মবৈবর্তপুৰাণ, ধৰ্মপুৰাণ, পদ্মপুৰাণ, মহাভাৰত আদিক আধাৰপুথি হিচাপে লৈ কাব্য ৰচনা কৰিছিল। এই সময়তে মৃগাৱতী চৰিতৰ দৰে চুফিবাদী কাব্যও ৰচিত হৈছিল।