Talk to Sales

Benchmarks

View scores and output across OCR models spanning many document categories.

Want to run these evals on your own documents?

Talk to Sales
Page 1

নিচুকনি গীত(Lori) :-

কহাঁৰ ককায়ে মোনাটি আনিছে
মোনাটিত আছেনো কি?
খুলি চাই দেখিলো কহাঁৰৰ মোনাটি
মোনাতে আছে বাণবাতি।
আমাৰে মইনাই কহাঁৰক শুধি চাই
কিনো এই বাণবাতি!
অতিকৈ ধুনীয়া সোণৰে চমকা
কোৱানা শুনো কাণ পাতি।
কাহঁৰে গঢ়িলো জুইৰে পুৰিলো
কুন্দাত কৰিলোঁ মিহি,
ভাঙা কহাঁৰে বাণবাতি সাজিলোঁ
আনিলো মইনালৈ বুলি।
জাত, বাণ, মাইহাং, পাণধোৱা, ডফলা
আৰু বিধে বিধে বাতি,
ডাঙৰ হৈ মইনাই গঢ়শালত ভুমুকি
সাজিব কাহঁৰে বাতি।
মইনাই গঢ়িব কাহঁৰ সঁজুলি
জগতত দিব মোকলাই,
মইনাই কামেৰে জগত জিনিব
অসমীৰ নাম উজ্বলাই।

দীনেশ গোৱালা
(Dinesh Gowala)

*** ওপৰৰ নিচুকনি গীত(Lori) টিৰ জৰিয়তে অসমৰ কাঁহঁ শিল্পক উপস্থাপন কৰা
হৈছে আৰু ইয়াৰ যোগেদি মইনা( children)ক কাঁহঁ শিল্পৰ প্ৰতি আকৃষ্ট কৰাৰ প্ৰয়াস
কৰা হৈছে।