Benchmarks
View scores and output across OCR models spanning many document categories.
Want to run these evals on your own documents?
Talk to Sales
ৰাইজ – তাৰ মানে ... তাৰ মানে ... শিৱশক্তি পাহাৰৰ ওপৰত ... পাচঁতাৰকা হোটেল ... কেতিয়াও
হ'ব দিব নোৱাৰি! হ'ব দিব নোৱাৰি!! হ'ব দিব নোৱাৰি...!!!
যজ্ঞ- তাৰ মানে ... আজিৰ সভাত ... সকলোৰে এই একেটাই মত...??
ৰাইজ – হ-য়!! (হাততালিৰে সমৰ্থন) শিৱশক্তি পৰ্বত! জিন্দাবাদ!!
বিহুৰাম - .. সভাপতি মহোদয়! আৰু ৰাইজ!! .. এই খিনিয়েই ... আপোনালোকলৈ মোৰ এটা
বিশেষ অনুৰোধ আছে...
ৰাইজ – মাষ্টৰ বাবু! জিন্দাবাদ!! জিন্দাবাদ!!
বিহুৰাম – ৰাইজ!! .. আমি আমাৰ এই এলেকাটোৰ শিৱশক্তি পৰ্বতত পাচঁতাৰকা হোটেল সজাৰ
পক্ষপাতী নহয়।
ৰাইজ – নহয়! নহয়!!
বিহুৰাম - ... কিন্তু আমাৰ এই এলেকাটো পৰ্য্যটন কেন্দ্র হিচাপে গঢ় দিয়াৰো বিৰোধী নহয় ...। ..
কাইলৈ বা পৰহিলৈ আমি যেতিয়া হোটেলৰ বিৰোধত ... প্রশাসনক আর্জি দিম বা আন্দোলন ধর্না
আদিত নামিব লগা হ'ব... তেতিয়া কিন্তু আমি সদায় এটা কথাতেই জোৰ দিব লাগিব...
ৰাইজ – কি কথা?
বিহুৰাম - ... আমি আমাৰ পৰিৱেশতন্ত্ৰ নষ্ট কৰিব পৰা হোটেল সজাৰহে বিৰোধী ... ইদ্যোগ হিচাপে
পৰ্য্যটনৰ বিৰোধী নহয়!! .. আমাৰ এই সুন্দৰ শ্ৰী এলেকাটোক ... ইয়াৰ পৰিৱেশতন্ত্ৰৰ সৈতে খাপ
খোৱাকৈ ... পৰ্য্যটনকেন্দ্র হিচাপে গঢ়ি তোলক ... তাত আমি প্রত্যেকেই সহযোগ কৰিম ...
ৰাইজ – নিশ্চয় কৰিম! নিশ্চয় কৰিম!!