Benchmarks
View scores and output across OCR models spanning many document categories.
Want to run these evals on your own documents?
Talk to Sales
সুখধাম-শান্তিধামকহে স্মৰণ কৰে। আমি কালিলৈকে স্বৰ্গবাসী আছিলোঁ, ৰাজ্য কৰিছিলোঁ, সেয়া হেৰুৱাই পেলালোঁ পুনৰ
আমি ৰাজ্য ল'ব লাগে। সন্তানসকলে বুজি পায় ভক্তিমার্গত কিমান নতশিৰ হ'ব লাগে, পইচা অপচয় কৰিবলগীয়া হয়।
চিঞৰিয়েই থাকে, প্রাপ্তি একোৱে নহয়। আত্মাই মিনতি কৰে - বাবা আহক, সুখধামলৈ লৈ যাওঁক সেয়াও যেতিয়া অন্তত
বহুত দুখ হয় তেতিয়াহে স্মৰণ কৰে।
তোমালোকে দেখিছা এতিয়া এই পুৰণি সৃষ্টি নাশ হৈ যাব। এতিয়া এয়া আমাৰ অন্তিম জন্ম, এইটো জন্মতে আমি সকলো
জ্ঞান পাইছোঁ। জ্ঞান পূৰা ৰীতি ধাৰণ কৰিব লাগে। ভূমিকম্প আদি অকস্মাতে নহয় জানো। হিন্দুস্তান, পাকিস্তান
বিভাজন হওঁতে কিমান মৰিছিল। তোমালোক সন্তানসকলে আৰম্ভণিৰ পৰা শেষলৈকে সকলো জানিছা। বাকী যি বাকী
আছে সেয়াও জানি গৈ থাকিবা। মাত্ৰ এটা সোমনাথ মন্দিৰেই সোণৰ নহ'ব, আৰু বহুতৰে মহল, মন্দিৰ আদি সোণৰ
হ'ব। আকৌ কি হয়, ক'ত হেৰাই যায়? ভূমিকম্পত এনেকৈ তললৈ সোমাই যায় নেকি যে ওলায়েই নাহে? তলতে পচি
যায়... কি হয় বাৰু? আগলৈ গৈ তোমালোকে জানিবা। এনেকৈ কয় যে সোণৰ দ্বাৰকা তলত গুচি গ'ল। এতিয়া
তোমালোকে ক'বা ড্রামা অনুসৰি সেয়া তললৈ গুচি গ'ল আকৌ চক্ৰ ঘূৰিলে ওপৰলৈ আহিব। তথাপিও পুনৰ গঢ়িব
লাগিব। বুদ্ধিৰে এই চক্ৰক সোঁৱৰি বহুত আনন্দিত হৈ থাকিব লাগে। এই চিত্ৰতো জেপত ৰাখি থ'ব লাগে। এই বেজ বহুত
সেৱাৰ লায়ক হয়। কিন্তু ইমান সেৱা কোনেও নকৰে। তোমালোক সন্তানসকলে ট্ৰেনতো বহুত সেৱা কৰিব পাৰা কিন্তু
কোনেও কেতিয়াও খবৰ নিলিখে যে ট্ৰেনত কি সেৱা কৰিলে? তৃতীয় শ্ৰেণীতো সেৱা কৰিব পাৰা। যিয়ে কল্প পূৰ্বে
বুজিছিল, যি মনুষ্যৰ পৰা দেৱতা হৈছিল তেওঁলোকেই বুজিব। মনুষ্যৰ পৰা দেৱতা বুলি গায়ন কৰা হয়। এনেকৈ নকয়
যে মনুষ্যৰ পৰা খ্ৰীষ্টিয়ান বা মনুষ্যৰ পৰা শিখ। নহয়, মনুষ্যৰ পৰা দেৱতা হয় অৰ্থাৎ আদি সনাতন দেৱী-দেৱতাৰ ধৰ্ম
প্ৰতিষ্ঠা হ'ল। বাকী সকলো নিজৰ নিজৰ ধৰ্মত গুচি গ'ল। বৃক্ষত দেখুওৱা হয় অমুক অমুক ধৰ্ম পুনৰ কেতিয়া প্ৰতিষ্ঠা
হ'ব? দেৱতাসকল হিন্দু হৈ গ'ল। হিন্দু ধৰ্মৰ পৰা আকৌ আন আন ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গ'ল। তেনেকুৱাও বহুত ওলাব
যিসকলে নিজৰ শ্ৰেষ্ঠ ধৰ্ম-কৰ্ম এৰি আন ধৰ্মত গুচি গ'ল, তেওঁলোক ওলাই আহিব। পাছত আহি অলপ বুজিব, প্ৰজাত
আহি যাব। সকলোৱে জানো দেৱী-দেৱতা ধৰ্মত আহিব! সকলোৱে নিজৰ নিজৰ শাখাত গুচি যাব। তোমালোকৰ বুদ্ধিত
এই সকলো কথা আছে। জগতত কি কি কৰি থাকে। শস্যৰ কাৰণে কিমান ব্যৱস্থা কৰে। ডাঙৰ ডাঙৰ যন্ত্ৰ ব্যৱহাৰ
কৰে। হওঁতে একোৱেই নহয়। সৃষ্টি তমোপ্ৰধান হ'বই লাগে। ছিৰি তললৈ নামিবই লাগে। ড্রামাত যি নিৰ্ধাৰিত হৈ আছে
সেয়া হৈ থাকে। আকৌ নতুন সৃষ্টি স্থাপনা হ'বই। বিজ্ঞানে এতিয়া যি শিকি আছে, কিছু বছৰ পাছত বহুত বুদ্ধিমান হৈ
যাব। যাৰ দ্বাৰা আকৌ তাত বহুত ভাল ভাল বস্তু তৈয়াৰ হ'ব। এই বিজ্ঞান তাত বহুত সুখদায়ী হ'ব। ইয়াত সুখ
অলপহে, দুখ বহুত। এই বিজ্ঞানৰ আবিৰ্ভাৱ হোৱাৰ কিমান বছৰ হ'ল? আগতেতো এই বিজুলী, গেছ আদি একো নাছিল।
এতিয়া চোৱা কি হৈ গ'ল। তাততো আকৌ তৈয়াৰ কৰি থোৱা বস্তুৱেই চলিব। সোনকালে কাম হৈ যাব। ইয়াত চোৱা ঘৰ
কেনেকৈ নিৰ্মাণ হৈ যায়। সকলোবোৰ সাজু হৈ থাকে। কিমান মহলা নিৰ্মাণ কৰে। তাত এনেকুৱা নহ'ব। তাততো
সকলোৱে নিজৰ নিজৰ খেতি থাকে। কৰ আদি একো দিব নালাগে। তাততো প্ৰচুৰ ধন থাকে। মাটিও বহুত থাকে। নদী
আদি সকলো থাকিব, বাকী নলা নাথাকিব যিটো পাছত খন্দা হয়।
সন্তানসকল ভিতৰি কিমান আনন্দিত হৈ থাকিব লাগে, আমি দ্বৈত ইঞ্জিন পাইছোঁ। পাহাৰত ট্ৰেইনত দ্বৈত ইঞ্জিন লগোৱা
হয়। তোমালোক সন্তানসকলেও সহযোগ দিয়া নহয়। তোমালোক হৈছা কিমান কমসংখ্যক। তোমালোকৰ মহিমাও গোৱা
হৈছে। তোমালোকে জানা আমি ভগৱানৰ সহায়কাৰী হওঁ। শ্ৰীমতত সেৱা কৰি আছোঁ। বাবাও সেৱা কৰিবলৈ আহিছে।
এটা ধৰ্মৰ প্ৰতিষ্ঠা, অনেক ধৰ্মৰ বিনাশ কৰাই দিয়ে, অলপ আগলৈ গৈ দেখিবা, বহুত হুলস্থূল হ'ব। এতিয়াও ভয়-ভীত হৈ
আছে – কিজানি ক'ৰাবাত যুদ্ধ কৰি বোমা আদি নিক্ষেপ কৰি দিয়ে। ফিৰিঙতিৰ দৰে সৰু সৰু যুদ্ধ বহুত লাগি থাকে।
নিজৰ মাজতে কাজিয়া কৰি থাকে। সন্তানসকলে জানে যে পুৰণি সৃষ্টিৰ নাশ হ'বই। আকৌ আমি নিজৰ ঘৰলৈ গুচি যাম।
এতিয়া ৮৪ৰ চক্ৰ পূৰা হ'ল। সকলো একেলগে গুচি যাম। তোমালোকৰ মাজতো কমসংখ্যকহে স্মৃতিত থাকে। ড্রামা
অনুসৰি দক্ষ আৰু নিষ্কৰ্মা দুয়ো প্ৰকাৰৰে বিদ্যাৰ্থী থাকে। দক্ষ বিদ্যাৰ্থীয়ে ভাল নম্বৰ লৈ উত্তীৰ্ণ হৈ যায়। যিসকল নিষ্কৰ্মা
হ'ব তেওঁলোকৰতো গোটেই দিন কাজিয়া-পেচালেই হৈ থাকে। পিতাক স্মৰণ নকৰে। গোটেই দিন মিত্ৰ-সম্বন্ধীয়হে স্মৃতিত
আহি থাকে। ইয়াততো সকলো পাহৰিবলগীয়া হয়। আমি আত্মা, এই শৰীৰ ৰূপী নেজ ওলমি আছে। আমি যেতিয়া
কৰ্মাতীত অৱস্থাত উপনীত হ'ম তেতিয়া আমি এই নেজ পৰিত্যাগ কৰিম। এইটোৱে চিন্তা, কৰ্মাতীত অৱস্থা হৈ গ'লে এই
শৰীৰ নাশ হৈ যাব। আমি শ্যামৰ পৰা সুন্দৰ হৈ যাওঁ। পৰিশ্ৰমতো কৰিব লাগে নহয়। প্ৰদৰ্শনীত চোৱা কিমান পৰিশ্ৰম
কৰে। মহেন্দ্ৰই (ভূপালৰ) কিমান সাহস দেখুৱাইছে। অকলে কিমান পৰিশ্ৰমেৰে প্ৰদৰ্শনী আদি কৰে। পৰিশ্ৰমৰ ফলতো
পাব নহয়। এজনে কিমান চমৎকাৰ কৰিছে। কিমানৰ কল্যাণ কৰিছে। মিত্ৰ-সম্বন্ধীয়ক বুজায় - এই পইচা আদি সকলো